শৈশৱৰ ৰামধেনুৰ ৰং

          

          মোৰ জন্ম গাৱঁত যদিও দে'তা(দেউতা)ৰ কৰ্মসূত্ৰে মা-দে'তা আৰু মই গুৱাহাটিত থাকো | ৪ বছৰ বয়সৰ পৰাই এই মহানগৰীত বসবাস কৰি আহিছো যদিও মই যেন ইয়াৰ পৰিবেশত অভ্যস্ত হ'ব পৰা নাই | গাৱঁৰ পৰিবেশে সদায় মোক এক অজান ব্যাকুলতাৰ মাজলৈ লৈ যায় | এইবোৰ কল্পনা কৰি মই কেতিয়াবা উন্মাদৰ দৰে হৈ পৰোঁ | 

     কংক্ৰীটৰ এই অৰণ্যৰ মাজত যেন ক্ৰমশঃ হেৰাই গৈ আছে গাৱঁৰ সেই আকুলতা | আজিও কেতিয়াবা মনত পৰে গাৱঁৰ সেইদিনবোৰ | ছমহীয়া-বছৰেকীয়া পৰীক্ষা শেষ হোৱাৰ পিচদিনাই ৰাওনা হৈছিলো গাৱঁলৈ আৰু মামাহতঁৰ ঘৰলৈ | প্ৰায় এমাহমান থকাৰ পৰিকল্পনাৰে যোৱাৰ পিচত প্ৰতিটো দিনেই মই কটাইছিলো গাৱঁৰ পৰিবেশৰ লগত | মেজি সাজিবলৈ বাৰীত গৈ বিজুলী বাহঁ কাটি অনা , নৰা কটা, তাৰ উপৰিও দাদাৰ সৈতে চাইকেলত আবেলি বহুদুৰলৈ ফুৰিবলৈ যোৱাৰ নানাৰঙী স্মৃতিয়ে মোক আজিও পঢ়া মেজত আমনি কৰেহি | আকৌ উভতি যাব পৰা হ'লে সেই দিনবোৰলৈ...

           মোৰ গাৱঁখনৰ লগত মোৰ বহুত স্মৃতি জড়িত হৈ আছে | এবাৰ গাৱঁত মেজি সাজিবলৈ আতা(ককা) আৰু দাদাৰ লগত ঘৰৰ পিচফালৰ পথাৰখনত নৰা আনিবলৈ গৈছিলো | নিজে কাটিব পৰা হোৱা নাছিলো যদিও মনৰ উচাহক বান্ধি ৰাখিব পৰা নোৱাৰি (নুখুজি) গৈছিলো |  নৰা কটা হোৱাৰ পিচত আতাই নৰাবোৰ বোজা বান্ধিবলৈ ধৰোতে মোকো এটা বোজা বান্ধি দিব লাগে বুলি খাটনি ধৰিছিলো | ককাই হাহিঁ মাৰি বোজাটো বান্ধি দিয়াত মূৰত তুলি কেকোঁজেকোঁকৈ লৈ আহিছিলো | পথাৰত পানী দিয়া আলিৰে মই, মোৰ পিচত দাদা, তাৰ পিচত আতা | হঠাৎ ভাৰসাম্য ৰাখিব নোৱাৰি মই বোজাটোৰে সৈতে আলিৰ পৰা বাগৰি পৰিছিলো | দাদাই মোক তুলি লৈ ঘৰলৈ পঠিয়াই দিয়াৰ পিচত আতাই মোৰ বোজাটোও লগতে লৈ আহিছিল | ঘৰলৈ কান্দি কান্দি আহি চাওঁ যে থুতৰিৰ মাখিছাল এৰুৱাই গৈছে | আইতাই নাৰ্জীফুলৰ পাত মোহাৰি লগাই দিছিল থুতৰিত | দিনটোলৈ মনত পৰিলে হাহিঁৰ উঠাৰ লগে লগে মনটোও যেন গৈ পথাৰৰ আলিটো পায়গৈ | কি যে আছিল সেইবোৰ দিন ....

   গাৱঁত থকাৰ প্ৰায়কেইটা সন্ধিয়াতেই মই 'ঠা'(বৰদেউতাক মই 'ঠা' আৰু বৰমাক 'ঠী' সম্বোধন কৰিছিলো, এতিয়াও কৰো)ৰ লগত বজাৰলৈ ওলাই যাওঁ, উভতি আহোঁতে দাদা আৰু মোলৈ কিবা কিনিবলৈ মই কেতিয়াও পাহৰা নাছিলো | ঘৰলৈ আহি বৰমাই কৰা চাহ খাই দাদাৰ লগতে ধেমালি কৰি আছিলো | 

দে'তা - মায়ে কোৱা মতে , সৰুতে মই কান্দিলে হেনো মোৰ কান্দোন কেৱল মা আৰু দাদাইহে বন্ধ কৰিব পাৰিছিল, সেইকাৰণে দাদা আৰু মোৰ মাজত এটা মৰমৰ বান্ধোন সদায় ৰৈ গৈছে | 

   এবাৰ আমাৰ গাৱঁৰ ঘৰলৈ ভানুপেহী আৰু পেহীৰ ল'ৰা  বিশালদাদা আহোঁতে মই বিশালদাদাৰ পিঠিত বহি গা মালিচ কৰি দিছিলো | এই কথাটোৰ বাবে মোৰ এতিয়াও হাঁহি উঠে | আকৌ এবাৰ আমাৰ ডাঙৰ পেহী, মাইনা বা আৰু পেহা আহিছিল | দাদা আৰু বিশালদাদাই ষ্টেচনলৈ আগবাঢ়ি যাবলৈ ওলাওতে "মাইনাবাক আনবা ময়ো যাম" বুলি কান্দিবলৈ ধৰিছিলো | আচলতে মই সৰুৰে পৰা মাইনাবাক সচাঁকৈয়ে বৰ ভাল পাইছিলো | 

   সৰুৰে পৰাই মা-দে'তাই প্ৰকৃতিক ভাল পাবলৈ শিকাইছিল | এবাৰ গাৱঁৰ নদীপাৰৰ ৰাস্তাটোৰে দে'তাৰ লগত খোজকাঢ়ি ফুৰোতেঁ এখন ম'হৰ গাড়ী দেখি দে'তাই মোক সেইখনত কিছুদূৰ ফুৰাইছিল  | তাৰ পিচৰ পৰা গৰু -ম'হৰ গাড়ী দেখা নোপোৱা হ'লো | 

        গাৱঁত থকাৰ কেইদিন ঘৰত ৰাতিৰ সময়খিনি
হে আছিলো | দিনটো ইফালে-সিফালে ঘুৰি ফুৰোতেই পাৰ হৈছিল | লীলা জেঠী, মইনা মাহী, চুনু খুৰাহতঁৰ ঘৰত দিনটো কেনেকৈ পাৰ হৈছিল গমকে পোৱা নাছিলো | চুনু খুৰাহতঁৰ ঘৰতে মই ভাত খাইছিলো বহুদিন, সৰুআবা(সৰু আইতা)ক মই বহুত ভাল পাইছিলো, মোক হেনো সদায় সৰুআবাইহে লংপেন্ট পিন্ধাই দিব লগা হৈছিল | কেতিয়াবা আকৌ ঘৰৰ ভাতকাহীও চুনুখুৰাৰ ঘৰলৈ লৈ গৈ খাইছিলো | 
     এতিয়া গাৱঁখন গাওঁ হৈ নাথাকিল | গাওঁ গুছি নগৰ হ'ল |  কেচা মাটিৰ আলিবাটটো ব্লকেৰে ( Block) ভৰি পৰিল | ঢাক খাই পৰিল আলিবাট, ঢাক খাই পৰিল মানুহৰ মনবোৰ | 
            এইবাটটোতে এবাৰ কৌশিক দা, বাবলু দা আৰু কেইজনমানে ক্ৰিকেট খেলিছিলো | মই তেতিয়া কেনেকে খেলে, কি হয় একো বুজি পোৱা নাছিলো | মই গৈ উইকেট কীপাৰৰ ঠাইত থিয় হ'লোগৈ | মই উইকেট কীপাৰৰ কাম কি একো বুজি নাপাওঁ তেতিয়া, বাবলু দাই কোবোৱা বলটো আহি মোৰ কাষ পোৱাত মই ষ্টাম্পলৈ দলিওৱাৰ সলনি আৰু দূৰলৈহে দলিয়াইছিলো | এই ঘটনাটোৰ বাবে মই বহুতদিন অকলে অকলে হাহিঁছো | ইয়াৰ বাদেও কৌশিক দা আৰু মই বহুতদিন খনিন খুৰাহতঁৰ চোতালত ক্ৰিকেট খেলিছিলো | মই তেতিয়া  ব'লিং কৰোঁতে ষ্টাম্পত লক্ষ্য কৰি দলিয়াব লাগে বুলি নাজানিছিলো, মই বেটলৈ লক্ষ্য কৰি দলিয়াইছিলো | 

           ৰাসৰ সময়ত দাদা, সৰুঠা (সৰু বৰদেউতা) আৰু মই সদায় ৰাসথলীলৈ গৈছিলো | প্ৰত্যেকদিনাই সৰুঠাই আমাক কিবা নহয় কিবা খুৱাইছিল | সেইকেইদিন আমাৰ পেটতকৈ মনটো সোনকালে ভৰি পৰিছিল |লাহে লাহে আমি হেৰুৱাই পেলালোঁ এই দিনবোৰ | 

        আমাৰ গাৱঁৰ মাজেৰেই কালদিয়া নৈ বৈ গৈছে | গৰু দিনৰ দিনাখন সকলোৰে গৰুবোৰ তাত নি গা ধুৱায় | আমাৰ গৰুকেইটা ধুৱাবলৈ নিওঁতে এবাৰ ময়ো গৈছিলো |  তেতিয়া চাগে মই মুকুল শ্ৰেণীত, ময়ো হেনো পানীলৈ নামি গৈছিলো | এতিয়া আতাৰ শৰীৰ ভাঙি পৰা বাবে গৰুবোৰ বিক্ৰি কৰিলে | আগতে গৰুৰ পোৱালি জন্ম হ'লে দাদা আৰু মই নাম থৈছিলো, আতাই ওচৰতে জাগ দিয়ে | গোপাল , গোপিনী -- এইবোৰ নাম দাদা আৰু মই দিছিলো | এতিয়া গাৱঁলৈ গ'লেও গৰুবোৰ নেদেখা হলোঁ | 


       গাওঁখনৰ দৰেই একে পৰিবেশ পাইছিলো মামাহতঁৰ গাওখনত | গাওঁৰ ঘৰত থকাৰ দৰেই মামাহতঁৰ ঘৰত একেলগে বহুদিন কটাইছিলো | ঘৰৰ সন্মুখতে পথাৰখন, নাতিদূৰৈত পুখুৰীটো, গোহালিৰ গৰুকেইটা ...এই পৰিবেশ এতিয়াও মামাহতঁৰ ঘৰত বিৰাজমান | পথাৰখনলৈ যোৱা নহয় যদিও এটা বিশেষ আকৰ্ষণ আছে মোৰ | কেতিয়াবা ধান দোৱাৰ পিচত পথাৰখনলৈ গৈ নৰাৰ মাজেৰে ইফালে সিফালে খোজ কাঢ়ি থাকোঁ | ভৰিত বিন্ধিলেও এটা ক'ব নোৱাৰা আনন্দ পাওঁ |  মামাহতঁৰ গাৱঁখনৰ বেছি পৰিবৰ্তন হোৱা নাই | তথাপিও আগতে ধানৰ ডাঙৰিবোৰ চৰণে(কাম কৰা ল'ৰা) কোবাইছিল আৰু তাৰ পিচত মৰণা মাৰিছিল, এতিয়া ট্ৰেক্টৰ আনি মেচিনত সুমুৱাই দিয়ে, মূহুৰ্ততে ধানবোৰ পৃথক হৈ ওলায় | ডাঙৰিবোৰ কোবাওতে ওলোৱা ধূলিবোৰ চায়ো ভাল লাগে কেতিয়াবা |  মোৰ অনুভৱ , মেচিনে কষ্ট লাঘৱ কৰিলেও সৰু সৰু মানুহবোৰৰ এইক্ষেত্ৰত ভাত মাৰিছে |

      মামাহতঁৰ ঘৰলৈ গ'লে এতিয়াও মই ধনজিৎ মামাৰ লগত পুখুৰীত বৰশী বাব যাওঁ, এতিয়াও মামাহতঁৰ আতাৰ লগত কাজিয়া কৰোঁ, আতাই গালিৰ চলেৰে দিয়া মৰমৰ কথাবোৰে এতিয়াও কাণত মৌ বৰষে | আচলতে পৰিবেশ যিমান সাধাৰণ হয়, আন্তৰিকতাও তাতেই অধিক হয় | গুৱাহাটি নামৰ এই যন্ত্ৰনগৰীখনৰ মাজত কেতিয়াও বিচাৰি নোপোৱা আন্তৰিকতা, মৰমখিনি মই এই গাৱঁতেই বিচাৰি পাওঁ | 

         এতিয়া মহানগৰীবোৰতেই হওঁক বা আন ঠাইতেই হওঁক, যান্ত্ৰিকতাৰ মেৰপাকত যেন মানুহৰ মন, মগজু হেৰাই গৈছে | চহা শব্দটো যেন সংজ্ঞাবিহীন হৈ পৰিল | আগতে বেলি লহিওৱাৰ পৰত গৰুৰ খোজত উৰা ধূলিবোৰ এতিয়া উতনুৱা ডেকাৰ মটৰৰ চকাত উৰিবলৈ ল'লে | সলনি হ'ল পৰিবেশ, সলনি হৈ পৰিল মানসিকতাও | 

    সেয়ে কেতিয়াবা নিৰিবিলি পৰিবেশত বহি থাকিবলৈ বৰ মন যায় | জানোচা তাতেই পাওঁ সেই মৰম, আন্তৰিকতাখিনি | 

********************************************
এই লিখনিটি 'সাতসৰী' আলোচনীৰ অক্টোবৰ, ২০২০ সংখ্যাত প্ৰকাশ হৈছে । 

Comments

Post a Comment

Popular posts from this blog

তোমালৈ মনত পৰে — কবিতা

কণল'ৰা - কবিতা

পৰিধিবিহীন শিক্ষাব্যৱস্থা