মোৰ দৃষ্টিত অসম আৰক্ষী
অসম আৰক্ষীঃ “জনহিত জনসেৱাৰ্থে”— এই বাক্যশাৰীক মূলমন্ত্ৰ হিচাপে লৈ অসম আৰক্ষীয়ে সদায় ৰাইজৰ হকে সেৱা আগবঢ়াই আহিছে । ১৮২৬ চনতেই ইয়াণ্ডাবু সন্ধিৰ পিচত অসমত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ ইংৰাজে এই বাহিনীৰ প্ৰতিষ্ঠা কৰিছিল । তেতিয়াৰ পৰাই অসম আৰক্ষীয়ে নিষ্ঠাৰে অসমবাসীক সেৱা আগবঢ়াই আহিছে ।
অসম আৰক্ষীৰ সংবেদনশীলতাঃ অভিধান অনুসৰি সংবেদনশীলতা শব্দৰ অৰ্থ হ’ল কোনো কামত ক্ষীপ্ৰতাৰে সহাঁৰি জনোৱা । এই অৰ্থৰ এক অভূতপূৰ্ব নিদৰ্শন হ’ল অসম আৰক্ষী ।চুৰি-ডকাইতিৰ পৰা আৰম্ভ কৰি হত্যা, অপহৰণ, ধৰ্ষণ আদিৰ বহু জটিল অপৰাধক অসম আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে সমাধান কৰি ৰাইজৰ অন্তৰ জয় কৰিব পাৰিছে । এজন ছাত্ৰ হিচাবে মই এই কাৰ্ষৰ বহুতো উদাহৰণ নিজ চকুৰেই দেখিছো । পূৰ্বৰ নগাঁও জিলাৰ আৰক্ষী অধীক্ষক সন্মানীয় শ্ৰীযুত শংকৰব্ৰত ৰায়মেধিয়ে ২০১৮ চনত বটদ্ৰৱা কাণ্ডৰ অভিযুক্তক ৪৮ ঘন্টাৰ ভিতৰতেই আটক কৰিছিল |
যোৱাবছৰ চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ মহোদয়েও একেদৰে ক্ষিপ্ৰতাৰে বহু জটিল অপৰাধ নিৰ্মূল কৰিছিল । তেওঁ আনকি বহুতে উগ্ৰপন্থীৰ সদস্যক আটক কৰি ৰাইজৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল ।
এই দুগৰাকী বিষয়াৰ কথাখিনি মই উদাহৰণহে দিছো । অসম আৰক্ষীৰ প্ৰতিজন বিষয়া কৰ্মচাৰীয়েই এনেধৰণেৰে ৰাইজক সেৱা আগবঢ়োৱাত পাৰ্গত ।
আমাৰ ৰাজ্য অসমত যেতিয়া “Advantage Assam” অনুষ্ঠান হৈছিল, তাৰ নিৰাপত্তাৰ বাবে অসম আৰক্ষীয়ে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মাননীয় শ্ৰীযুত হৰমিৎ সিঙৰ তত্তাৱধানত গঠন কৰিছিল “স্পেচিয়েল প্ৰ’টেকচন ইউনিট”। কোনো অন্য বাহিনীৰ সহায় নোলোৱাকৈ এই গোটটোৱে গোটেই অনুষ্ঠান তথা অতিথিসকলক নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল।
এই গোটটোৱে বিভিন্ন সময়ত বহুতো পুৰষ্কাৰ লাভ কৰিবলৈও সক্ষম হৈছিল । এই এই একো একোটা উদাহৰণৰ সহায়তেই বুজিব পাৰি অসম আৰক্ষীৰ সংবেদনশীলতাৰ পৰিসৰ কিমান বিস্তৃত ।
কৰোণা মহামাৰীৰ সময়ত অসম আৰক্ষীয়ে ৰাইজক আগবঢ়োৱা সেৱাৰ বিষয়ে নক’লে এয়া আধৰুৱা হ’ব । এই মহামাৰীৰ সময়ত অসম আৰক্ষীৰ বিষয়া কৰ্মচাৰীসকল আমাৰ বাবে দেৱতুল্য হৈ পৰিছে । প্ৰতিদিনেই বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ পাওঁ আৰক্ষীৰ মহানুভৱতাৰ কথা।কৰবাত যদি ৰাস্তাত দুখীয়া লোকক মাক্স বিতৰণ কৰিছে, কৰবাত আকৌ ভাত খুওৱাৰ ব্যৱস্থা কৰিছে । আকৌ কোনোবা ঠাইত দুখীয়া লোকক প্ৰয়োজনীয় ঔষধ, খাদ্যবস্তুৰ যোগান ধৰিছে ।সমগ্ৰ অসমৰ ৰাইজেই এই সকলো সহায়ৰ বাবে অসম আৰক্ষীৰ ওচৰত চিৰঋণী হৈ ৰ’ব।সামাজিক মাধ্যমৰ যোগেদিও আৰক্ষী বিষয়াসকলে জনসাধাৰণক পাৰ্যমানে সহায় আগবঢ়াইছে।বিশেষকৈ মাননীয় জি পি সিং মহাশয়, হৰমিৎ সিং, এল. আৰ. বিঞ্চোই আদি শীৰ্ষস্থানীয় বিষয়াসকলে টুইটাৰ আদিৰ মাধ্যমেৰে মানুহক বহু সহায় কৰিছে । এনেবোৰ কথাতে অসম আৰক্ষীৰ ক্ষিপ্ৰতাৰ প্ৰমাণ পোৱা যায়।
অসম আৰক্ষীৰ দক্ষতাঃ পূৰ্বতে উল্লেখ কৰাৰ দৰেই বিভিন্ন ঘটনা, অনুষ্ঠানত অসম আৰক্ষীৰ দক্ষতাৰ প্ৰমাণ পোৱা গৈছে । অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত অসম আৰক্ষী যে পাৰ্গত তাৰ বহুতো উদাহৰণ আমাৰ সামাজিক মাধ্যম, টেলিভিচন বা কেতিয়াবা বাটপথতো দেখা পোৱা যায় ।
চুৰি ডকাইতিৰ ঘটনাবোৰৰ তদন্ত পূৰ্বতকৈ অধিক খৰটকীয়াকৈ আৰু সুকলমে সমাধান হয় । চাইবাৰ ক্ৰাইম শাখাটো অসম আৰক্ষীয়ে বিগত সময়ত বহুতো অপৰাধীক আটক কৰিবলৈ সক্ষম হৈছে ।চাইবাৰ অপৰাধৰ বলী হোৱাৰ পৰা কিদৰে সাৰি থাকিব পাৰি, তাৰ ওপৰতো অসম আৰক্ষীয়ে বিভিন্ন ভিডিঅ’, লিখনি আদি সামাজিক মাধ্যমত জনসাধাৰণলৈ আগবঢ়াই দিছে ।
শিশু নিৰ্যাতন ৰোধ কৰাৰ বাবেও অসম আৰক্ষীয়ে যথেষ্ট পদক্ষেপ হাতত লৈছো । “উৎসাহ” নামৰ এটি স্বেচ্চাসেৱী শিশু সুৰক্ষা সংগঠনৰ সহযোগেৰে অসম আৰক্ষীয়ে লোৱা পদক্ষেপসমূহ যথেষ্ট আদৰণীয় । শিশু নিৰ্যাতন ৰোধৰ বাবে অসম আৰক্ষীয়ে ইউটিউবৰ যোগেদি বিভিন্ন আলোচনাচক্ৰৰ ভিডিঅ’ আমালৈ আগবঢ়াই দিছে, যাৰ যোগেদি আমি আৰু অধিক সজাগ হ’ব পাৰোঁ ।
হত্যা, ধৰ্ষণ আদিৰ গোচৰসমূহ আৰক্ষীয়ে অতি সাৱলীলভাৱে তদন্ত কৰি ভুক্তভোগীক ন্যায় দিয়াৰ বহুতো ঘটনা মই নিজেও বাতৰি কাকতত পঢ়িবলৈ পাইছো । এনেধৰণৰ অপৰাধৰ ওপৰিও আৰক্ষীয়ে বিভিন্ন অৰ্থনৈতিক অপৰাধ, বিত্তীয় কেলেংকাৰীৰ তদন্তও নিকাকৈ সমাধান কৰি ৰাইজৰ আস্থাৰ পাত্ৰ হৈ পৰিছে ।
পূৰ্বতে বংগদেশলৈ ধুবুৰীৰ মাজেৰে গৰু আদিৰ যথেষ্ট সৰবৰাহ হৈছিল । কিন্তু বৰ্তমান অসম আৰক্ষীয়ে দক্ষতাৰে কাম কৰি চোকা পহৰা দিয়াত ইয়াৰ প্ৰকোপ বহুগুণে হ্ৰাস পাইছে ।
কিছুদিন আগত শুনিবলৈ পাইছিলো কটন মহাবিদ্যালয়ৰ ছাত্ৰী এগৰাকীৰ প্ৰয়োজনীয় নথিপত্ৰ হেৰোৱাত উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰা এচা কাতৰ ভিদিঅ’ । ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ লগে লগে তদন্ত আৰম্ভ কৰে আৰু মহানগৰ আৰক্ষীয়ে যথেষ্ট কম সময়ৰ ভিতৰতেই নথিপত্ৰখিনি উদ্ধাৰ কৰি ছাত্ৰীগৰাকীৰ হাতত অৰ্পন কৰে ।এনেধৰণৰ ঘটনাবোৰে অসম আৰক্ষীৰ পাৰদৰ্শিতাৰ দিশটোকেই প্ৰতিফলিত কৰিছে ।
সামাজিক মাধ্যমৰ উচিত ব্যৱহাৰে অসম আৰক্ষীৰ কৰ্মসমূহ ৰাইজক অৱগত কৰোৱাত যথেষ্ট সহায়ক হৈছে । বিভিন্ন সময়ত টুইটাৰ আদি মাধ্যমত পাওঁ আৰক্ষীৰ বিভিন্ন অপৰাধৰ তদন্তত লাভ কৰা সফলতাৰ বাতৰি । এনে বাতৰিসমূহৰ দ্বাৰাই মানুহ স্বাভাৱিকতে আৰক্ষীৰ ওচৰত যথেষ্ট সন্তুষ্ট হৈ পৰিছে ।
অন্তৰায়সমূহ দূৰ কৰাৰ ক্ষেত্ৰত মোৰ মন্তব্যঃ সকলো বস্তুৰে ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই থাকে । গতিকে অসম আৰক্ষীৰো নগণ্য সংখ্যক ত্ৰুটি থকাই স্বাভাৱিক । ক্ৰমাৎ উন্নতিৰ শিখৰলৈ বগাবলৈ লোৱা অসম আৰক্ষীক এই কিছুসংখ্যক দুৰ্নীতিগ্ৰস্থ বিষয়াই হেঙাৰ হৈ বাধা দিছে ।
মই ভাবো, কোনো এটা বিভাগ ৰাইজৰ লগত যিমানেই ওতঃপ্ৰোত ভাৱে সংযুক্ত হয়, সিমানেই দুৰ্নীতিৰ সংখ্যাও কমে ; কাৰণ যেতিয়া জনসাধাৰণ নিজেই সংযুক্ত হ’ব তেতিয়া জনসাধাৰণেও খবৰ ৰাখিব এনেধৰণপ কাম কাজৰ । অসম আৰক্ষীয়ে যথেষ্ট পৰিমাণে ৰাইজৰ লগত জড়িত হৈছে, ৰাইজৰ মাজলৈ গৈছে । তথাপিও, যদি অতি প্ৰয়োজনীয় তথা স্পৰ্শকাতৰ কামবোৰৰ তদন্ত আৰু অধিক স্বচ্ছ (Transparent) হয়, তেতিয়া এই বিভাগটো আৰু অধিক নিকা হ’ব । তাৰ বাবে আৰক্ষীয়ে প্ৰতিটো তদন্তই তৃণমূল পৰ্যায়ৰ পৰা ৰাইজক অৱগত কৰিব লাগিব ।
তাৰ ওপৰিও সঘনাই বিভিন্ন প্ৰতিযোগিতা ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰি সমাজখনৰ আৰু অধিক কাষ চাপিব পাৰি ।
তদুপৰি থানাসমূহে নিজ নিজ অঞ্চলত একোখন সভাৰ আয়োজন কৰি স্থানীয় লোকৰ লগত সামাজিক নিৰাপত্তাৰ ওপৰত আলোচনাচক্ৰ অনুস্ঠিত কৰিব পাৰে, ইয়াৰ ফলত স্থানীয় ৰাইজৰ আৰক্ষী প্ৰশাসনৰ ওপৰত আস্থা বৃদ্ধি হ’ব আৰু বিভিন্ন কামত জনসাধাৰণৰ ফালৰ পৰা অধিক সহায় – সহযোগীতা পোৱা যাব ।
এনেদৰে আগবাঢ়িলে অসম আৰক্ষী নিশ্চয় আৰু অধিক নিকা হৈ পৰিব আৰু ৰাইজৰ অধিক কাষ চাপি জনসম্পৰ্ক ৰক্ষাত সফল হ’ব ।
সামৰণিঃ অসম আৰক্ষীয়ে সদায় ৰাইজৰ হকে কৰ্ম কৰি আহিছে । ‘কৰ্মই ধৰ্ম’ বাক্যশাৰী অতি সুন্দৰভাৱে প্ৰতিফলন ঘটে অসম আৰক্ষীৰ কৰ্মত । অসমৰ নিৰাপত্তা, আইন শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে কোনোদিনে পিচ হোহোকা নাই।
সদৌ শেষত অসম আৰক্ষীৰ সকলো বিভাগতে সফলতা কামনা কৰিছো ।
জয়তু অসম আৰক্ষী জয়তু অসমীআই ।
********************************
Comments
Post a Comment