সংজ্ঞাহীনতা !

                   সংজ্ঞাহীনতা !    

                                ~ ভৱতীৰ্থ গোস্বামী

                                            ২৩ মাৰ্চ ২০২১ 


সংজ্ঞাৰ সন্ধানত যেন হেৰাই যাওঁ অবৰ্তমানত
ক্লান্ত হৈ উভতি আহিবও নোৱাৰো,
সত্ত্বাৰ বিকাশৰ মাজত নিজক পাওঁ অবিকশিত
নিৰৱতাত হৈ পৰোঁ অশ্ৰুসিক্ত | 

নিজানত নিজকে বিচাৰো, জানোচা পাওঁ কেচাঁসোণত,
ধূলি হৈ উৰিব খোজো, পাখি লগা কাঁড়ৰ সোঁতত

ধূসৰ গধূলিৰ আভালৈ চাই ভাবো, কি বিচাৰে ৰঙা বেলিয়ে
আকাশে, ডাৱৰে ?
মানিব খোজে জানো আবেগৰ গভীৰ টান?
শীতলতাৰ মাজত পাব পাৰি জানো নিজকে
ভগা আইনাৰ টুকুৰাত?

উত্তৰৰ সন্ধানত মই আছোঁ, হয়তো জীৱনেও ...
থমকি ৰোৱা নাই সন্ধানত, নৰওঁ.....

******************************

Comments

Post a Comment

Popular posts from this blog

তোমালৈ মনত পৰে — কবিতা

কণল'ৰা - কবিতা

পৰিধিবিহীন শিক্ষাব্যৱস্থা