পৰিধিবিহীন শিক্ষাব্যৱস্থা
পৰিধিবিহীন শিক্ষাব্যৱস্থা “শিক্ষা হৈছে স্বাধীনতা তথা ভৱিষ্যত নিৰ্মাণৰ অন্যতম চাবিকাঠি।” ~ভৱতীৰ্থ গোস্বামী “বিশ্ব গুৰু”—এই নামেৰেই প্ৰাচীন ভাৰত সমগ্ৰ বিশ্বতে জনাজাত আছিল। এই পৱিত্ৰ ভূমিতেই বেদ, পুৰাণ, আয়ুৰ্বেদ, জ্যোতিৰ্বিজ্ঞান আৰু বিজ্ঞানৰ বাকী ভাগ সমূহৰ সুচনা হৈছিল আৰু বিশ্বজুৰি বিয়পিছিল। শূণ্য (০) ৰ আবিষ্কাৰো ইয়াতেই হৈছিল। ভাৰতবৰ্ষ ৰামানুজন, আৰ্যভট্ট, সুশ্ৰুত আদিৰ দৰে পণ্ডিতৰ ভূমি। এসময়ত ভাৰতবৰ্ষ সমগ্ৰ বিশ্বৰ শিক্ষাগ্ৰহণৰ মূল বিন্দু আছিল। ৰাজগিৰী, বিক্ৰমশীলা, নালন্দা বিশ্ববিদ্যালয় আদিত শিক্ষা লবলৈ বহু বিদেশৰ পৰা শিক্ষাৰ্থী আহিছিল। ইয়াৰ কাৰণ আছিল এক সুশৃংখলিত আৰু ব্যৱহাৰিক শিক্ষা ব্যৱস্থা, যি ব্যৱস্থা অতীজৰে পৰা ভাৰতত চলি আহিছিল। সময় পাৰ হোৱাত, লাহে লাহে আমাৰ শিক্ষা ব্যবস্থা পশ্চিমীয়া পদ্ধতিৰ ফালে ঢাল খালে। কিন্তু, আমি পশ্চিমীয়া পদ্ধতিক আঁকোৱালি ল’ব যাঁওতে ভাৰতীয় পদ্ধতিৰ মূল শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰিলোঁ। আনুষ্ঠানিক শিক্ষাপদ্ধতি কোনো শিক্ষার্থীৰ বিষয় অধ্যয়ন